November 13, 2017

Gajari Dot Com Winter Meet, Guwahati

Team Gajari Dot Com; Gajarians on 5th November 2017



November 12, 2017

৫ নৱেম্বৰত উন্মোচিত হ’ল "গাজাৰী ডট কমৰ নিৰ্বাচিত কৌতুক"


গাজাৰী ডট কমৰ নিৰ্বাচিত কৌতুক উন্মোচন


চেতনা দাস আৰু গাজাৰী ডট কম

শান্তনু চাংমাইয়ে চেতনা দাসক সম্বৰ্দ্ধনা যাচিছে

GAJARI DOT COM Selected Assamese Jokes- Book Launch 





June 25, 2017

শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ 03

GAJARI DOT COM ADDA





পল্লৱী গোস্বামী: -

তেতিয়া চাগে ক্লাছ ৩ মানত পঢ়ি আছিলো। নতুনকৈ চাইকেল চলাব শিকিছো। সমান জেগা বা ৰাস্তাত চলাব জনা হৈছো। এদিন বৰদেউতাৰ ঘৰলৈ গৈছিলোঁ। বৰদেউতাহঁতৰ ঘৰ পাহাৰীয়া অঞ্চলত। ঠাইবোৰ ওখ-চাপৰ। বৰদেউতাৰ পদুলিৰ পৰা চোতালখন ওখ। আৰু সন্মুখৰ মানুহ ঘৰ ৰাস্তাৰ পৰা তলত। আবেলি সময়। আমিবোৰে চাইকেল চলাই আছোঁ। এবাৰ মই ওখ চোতালখনৰ পৰা চাইকেল চলাই পদুলিৰে ৰাস্তালৈ নামি আহিলোঁ ব্ৰেক নধৰাকৈ (ওখৰ পৰা চাপৰলৈ চাইকেল নমাই আনিবলৈ যে অলপকৈ ব্ৰেকডাল ধৰিব লাগে, তেতিয়ালৈ মই শিকাই নাছিলোঁ)। ফুল ফ'ৰ্চত আহি চাইকেলেৰে সৈতে, সন্মুখৰ মানুহঘৰৰ জেওৰাৰত মই ঢাপলাংকৈ খুন্দা মাৰিলোঁ। কোনোমতে উঠি দেখিলো চাইকেলৰ আগফালটো বেঁকা আৰু মোৰ আঁঠুৰ পৰা ধাৰাষাৰে তেজৰ নৈ বব ধৰিছে। সেইখিনি সময়ত ওচৰত কোনো নাছিল। চাইকেলখন কোনোমতে ঠেলি আনি গোহালিত আঁউজাই থৈ কুঁৱাৰ পাৰত তেজ ধুই থাকোঁতে হে মায়ে গম পাই গালিবৰ্ষণ আৰম্ভ কৰি দিছিল। আঁঠুত দাগটো এতিয়াও আছে।

মৰমী দেৱী বৰা: -

ৰঙালী বিহু আহিলেই তাহানি সৰুকালৰ ঘটনা এটা মনত পৰে। মোৰ বয়স ৮-৯ বছৰ মান হ'ব তেতিয়া। পিতাৰ চাকৰিসুত্ৰে আমাৰ পৰিয়ালটো গুৱাহাটীত আছিলো। বাকী খুৰাহতো বেলেগ বেলেগ ঠাইত আছিল নিজৰ কৰ্মস্থলীত। কিন্তু পূজা আৰু বিহুত সকলোবোৰ গাওঁ‌ৰ ঘৰখনত লগ হোৱাটো নিয়ম তথা বাধ্যতামূলক আছিল। সকলো এনেকৈ লগ হৈ উৎসৱ পাৰ্বণবোৰ পালন কৰিছিল। 

বাৰু এতিয়া আচল কথালে আহো, সেইবাৰ মাঘবিহুত মোৰ তিনি নম্বৰ খুৰা জনৰ বিয়া হৈ গৈছিল। আৰু তাৰপছতে বহাগ বিহুত আমি সকলোবোৰ গাৱঁত লগ হলো। গাওঁ‌ৰ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ এটা বিহু দল আছিল। মই যোৱা বুলি গম পাই সিহতে মোকো সিহতৰ লগত নাচিবলে মাতিলে। মই তো এখোপ চৰা, কয় যে এনেই বুঢ়ি নাচনী তাতে আকৌ নাতিনিয়েকৰ বিয়া। মোৰো সেইয়াই হ'ল, ককাই বৰ ভাল নাপায় বুলি জানিও লাগি গ'লো বিহুৰ আখৰাত। উদ্দেশ্য ঘৰে ঘৰে বিহু নাছিম, পইচা দিব আৰু আমি খানা খাম। ঢোল হ’ল এটা। তাল এজোৰ। এটাই আকৌ তামোলৰ ঢকুৱাৰে বনোৱা ঢোল এটাও যোগাৰ কৰি আনিলত যেনিবা ঢোল দুটা হ’ল। 

আখৰা কৰালে ঠিকেই আছিল, খেলিবলৈ বুলি গৈ আখৰা কৰিছিলো, পিছে বিহু নাচিবৰ দিনা হে পুৱাৰ পৰা মোৰ চিন্তা হ'ল। ককাই বেয়া পায় বুলি মায়ে যে মোক চাদৰ মেখেলা এজোৰ নাচিবলে দিব মই আশা নকৰিলো।(কিন্তু সেইয়া মোৰ ভুল আছিল, পৰৱৰ্তী জীৱনত মা ৰ বাবেহে মই বিভিন্ন নাচ শিকিব পাৰিছিলো) । গতিকে কি কৰা যায় ভাবিব ধৰিলো, হঠাৎ মোৰ মগজত আইডিয়া আহি গ'ল- ঘৰৰ সকলো দুপৰীয়া ভাত খাই শোৱে। মই সেইটো ছেগতে মা, আইতা আৰু খুৰীহতৰ কাপোৰ বোৰৰ মাজত প্ৰতিযোগিতা পাতিলো মনতে কাপোৰবোৰ চাই চাই। আৰু অৱশেষত নতুন খুৰীৰ বিয়াৰ কাপোৰ সাজ মই নিজে পতা প্ৰতিযোগিতাত জয়ী হ'ল। বাকিবোৰতকৈ ধুনীয়া কাঢ়া ইস্ত্ৰী কৰি থোৱা, বাঃ বঢ়িয়া। মই নিজেই যেনেকৈ পাৰো তেনেকৈ পিন্ধি বিহু নচিব ওলাই গ'লো। আমাৰ দলটোও সাজু সকলো। 

নাচিলো বিহু কেইঘৰমানত,কি যে ফুৰ্তি আমাৰ। ফুৰ্তিতে পাহৰি গ'লো যে "নতুন কইনাৰ বিয়াৰ কাপোৰ হেৰাল" বুলি ঘৰত যে হুলস্থুল হ'ব পাৰে। বুজি পোৱাও নাছিলো, বিয়াৰ কাপোৰ কি। গধুলী ঘৰ পোৱাৰ পাছত হে মায়ে এচাৰি এডালেৰে অলপ বুজালে যদিও খুৰীয়ে বেছিকৈ বুজাব নিদিলে যেনিবা।

Join Us

শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ 02



ৰশ্মি ৰেখা চুতীয়া হাজৰিকা: - 

প্ৰাইমেৰী স্কুলত পঢ়ি থকা দিনৰে কথা। মোৰ দাদা আৰু ভাইটি বৰ খটাসুৰ আছিল। সিহঁতে প্ৰায়েই বিচনাৰ ওপৰত উঠি ফাইট কৰে। সিহঁতৰ এই ফাইটটোক দেউতাই ’কুকুৰ ধেমালি’ বুলি কয়।।

এনেকৈ এদিন আমাৰ স্কুল বন্ধৰ দিনা মা স্কুললৈ গ’ল, দেউতা ডিউটি। ঘৰত আমি তিনিওটা। এটা সময়ত তাঁহাতৰ কুকুৰ ধেমালি আৰম্ভ। তেনেকৈ খেলি থাকোঁতেই এপাকত দেউতাই আনি থোৱা নতুন টিউব লাইটটোত কিবাকে লাগি পৰি ভাঙিলে। দুইটাৰ ভয়ত তত নাই। দুইটাই ভঙা টিউব টো আকৌ পেকেটত ভৰাই থলে।

সেইদিনা আক' দেউতাই সোনকালে আহি টিউবলাইট টো লগাবলৈ লওক। পেকেটটো লওঁতেই ভঙা লাইটটো ওলাল। দেউতাৰ খঙে চুলিৰ আগ পালেগৈ। কোনে ভাঙিলে সুধিছে। কোনেও একো কোৱা নাই। খঙতে দেউতাই এচাৰি এডাল লৈ আহিল। এছাৰিৰ ভয়ত দাদাই আৰু ভাইটি চুপ মাৰিলে। ভাইটি ইমান সৰু, তাতে দেউতাৰ এছাৰিৰ কোব খালে কি হব চিন্তা কৰি মই উপযাচি মই ভাঙিলো বুলি কলোঁ। আচলতে, সিহঁতে মাৰ খালে মোৰ বৰ বেয়া লাগে। কিন্তু সিহঁতৰ নালাগে। সেই কথা তেতিয়াহে বুজিলোঁ যেতিয়া দেউতাই মোক নামাৰি ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তাত কান ধৰাই থলে। সিহঁতি আঁতৰৰ পৰা চাই হাঁহি আছিল। এনেকুৱা খং আৰু দুখ লাগিছিল নহয়!!! মা স্কুলৰ পৰা আহি মোক তেনে অৱস্থাত দেখি ভিতৰলৈ লৈ গল। মই মাৰ বুকুত সোমাই খুব কান্দিলোঁ। পাছত হয়তো দেউতাই সঁচা কথা গম পালে। সেয়ে পাছত দেউতাই ভাইটিক বচাবলৈ গলেই প্ৰায়েই কয় " বায়েকেই ভায়েকক বেয়া কৰিবি।" কিন্তু মই ভাগ্যবান, যে মই যিমানেই তাঁহাতক বচালেও ভাইটি কোনোদিনে বেয়া ন”ল। দাদাও নহ’ল। কোনো বেয়া অভ্যাসো নহ’ল। আজি দুয়োজন সু-প্ৰতিষ্ঠিত।


ৰুমী গগৈ: -

পঞ্চম শ্ৰেণীত। তিনিজনী বান্ধৱী। স্কুললৈ যোৱাৰ পথত বাগিচাৰ মেনেজাৰৰ কোৱাৰ্টাৰ। দেখিলো নহয় ঢাপৰ মধুৰীজোপাত মধুৰীয়ে মোক খা মোক খা কৰি আছে। লগৰ এজনী অলপ দালুৱা, তাইৰ আইদিয়া মতে মিছন মধুৰী। তাই ডাঙৰ খালটো জপিয়াই গৈ ফেঞ্চিঙত উঠি এটা ভৰি মধুৰী ডালত, এটা ফেন্সীংৰ ওপৰত। মই ইজনীক ৰাষ্টাত বেগৰখীয়া পাতি একে জাপে খালৰ সিপাৰ। ধৰি আছো তাইক ভৰিতে সাৱটি পৰি নাযাবলৈ। 

তেনেতে শুনিলো- ভৌ ভৌ ভৌ ইটালীয়ান ভুকনি (কুকুৰ দুটা ইটালীৰ পৰা অনা বুলি জানিছিলোঁ)| এতিয়া তাই নামিব নোৱাৰা হল। নাৰ্ভাছ নাৰ্ভাছ... আক্ৰমণৰ বলি তাই হে হৈ আছে। মইও তাইক এৰি আহিব নোৱাৰা হলো। ইফালে বেগৰখীয়া জনীয়ে আমাৰ অবস্থা দেখি হাঁহিত বাগৰি পৰিছে। ইফালে মোৰ পাপাশ্ৰী একেটা ৰাষ্টাৰে স্কুলৰপৰা আহি এই পাওঁহি এই পাওঁহি... এনেকৈ দেখিলে মোক ৰাষ্টাৰ ওপৰতে ধিন্ চাক ছাক্. .. কান্দি কাটি যেন তেন পাৰ হলো খালটো। তাৰ পাছত  অলপ দিনৰ বাবে,ছাতিৰে মুখ ঢাকি মধুৰী গছৰ আগেদি অহা যোৱা কৰা হ’লো।

বি:দ্ৰ:- মধুৰী দেখিলে এতিয়াও ৰাজীৱ গান্ধী আংকলৰ চচুৰেকৰ দেশলৈ মনত পৰি যায়।


সত্যজিত্‍ শ‍ইকীয়া: - 

আমাৰ পৰিয়াল যৌথ আছিল বৰদেউতা আৰু দেউতাৰ। বৰদেউতাৰ ছোৱালী বা মোতকৈ 6 বছৰ ডাঙৰ আছিল। মই তাইক স্কুল যোৱা দেখি মইও যাবলৈ উৎপাত লগাওঁ সদায়| দেউতা স্কুলত চাকৰি কৰিছিল| বায়েও তাতে পঢ়িছিল। মই উৎপাত কৰা দেখি চাৰে চাৰিবছৰৰ পৰা বা্ৰ লগত দেউতা্ৰ স্কুললৈ যোৱা আৰম্ভ কৰিলোঁ...। ক/খ বোৰ লিখিবলৈ শিকাইছে আৰু স্কুলত লাহে লাহে মুধন্য" ঠ " তো লিখিব শিকাই আছে স্কুলত হাতীবৰুৱা বাইদেউ য়ে...| 
নাই মই লিখিব নোৱাৰো হে নোৱাৰো... ঘৰলৈ আহি কান্দি কাটি হাইৰাণ... মোৰ মাও স্কুলত চাকৰি কৰিছিল কাৰণে বৰমায়ে মোক লিখিবলৈ শিকাইছিল... মই ঘৰত আহি বৰমাক কোৱা আজিও মনত আছেযে মুধন্য ঠ তো দেখিবলৈ নহৰু ফুটা নিচিনা ন? মই কান্দি কান্দি কৈছিলোঁ "অ বৰমা বৰমা আজি স্কুলত নহৰু ফুটা লিখিবলৈ শিকাইছে মই নোৱাৰো নহৰু ফুটাটো লিখিবলৈ তই শিকাই দে চোন... ভেঁ ভেঁ ভেঁ"


পিছদিনা দেউতাই ষ্টাফত সবৰে আগত কৈ দিলে কাহিনীটো .. তাৰ পিছৰে পৰা সৱে মোক জোকায় "নহৰু ফুটা" বুলি... বহুত দিনলৈকে|

শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ



মধুমিতা নাথ দত্ত: - 

মোৰ সৰুকালৰ এটা ঘটনাই মোক এতিয়াও মাজে মাজে হঁহুৱায়৷ মই ভজা মাছ খাই বৰ ভাল পাইছিলো| প্ৰধানকে মিছামাছ ৷ এদিন বাবায়ে বেছিকৈ মিছা মাছ আনিছিল৷তেতিয়া গেছো নাছিলে লাইটো নাছিল৷ মায়ে জুইতে মাছ ভাজি আছে৷ 
আমাৰ লৰা ছোৱালী কেবাটাও- মই ঘৰৰ সৰু৷ সেইকাৰণে মাৰ ওচৰে পাজৰেই থাকো৷ মোৰ কিন্ত সিদিনা লক্ষ্য ভজামাছ খোৱাৰ৷ মায়ে মাছ ভাজি কাহিত থয় আৰু মই মনে মনে পিছফালৰ পৰা আহি খাই থাকো৷ মায়ে মাছবোৰ কমি যোৱা দেখি আচৰিত হয় ৷ চুৰ ধৰিবলৈ একোবত মাছৰ জেগাত শুকান জলকীয়া ভাজি থৈ দিছে আৰু মই ভজামাছ বুলি মুখত দি মৰমৰাই চোবাই দিছো৷ পাছৰকণ কল্পনা কৰক- মজিয়াত এদোঙা (চকু)পানী হ'ল আৰু মাৰ কেবাটাও কেবেহা ঢকা পিঠিত পৰিল|

উত্‍পল জ্যোতি দাস: -

চতুর্থমানত পঢ়ি থাকোতে সেইবাৰ লক্ষ্মীপূজাত ৰাতি গাঁৱৰে দুজন ককাইদেউৰ লগত পাহাৰত সাপৰ মণি বিচাৰি গৈছিলো ৷ গোবৰ সংগ্রহ কৰা দায়িত্ব মোৰ ওপৰত দিছিল৷ গধূলিতেই কোনেও গম নোপাৱাকৈ মা্য়ে ঘৰ মচিবলৈ থৈ দিয়া গোৱৰখিনিকে নি বাটৰ কাষৰ জোপোহাৰ মাজত নি লুকুৱাই থৈ আহিলো৷ মনত এক দুঃসাহসিক আনন্দ অনুভৱ কৰিছিল৷ 

সময়বোৰ নাযায় নুপুৱায় যেন লাগিব ধৰিছিল৷ অৱশেষত সেই আকাংক্ষিত মূহুর্তটো আহিল৷ আমাৰ স্কুলখন পাহাৰৰ নামনিত অৱস্থিত৷ তাৰোপৰি লক্ষ্মীপূজাত আমাৰ দক্ষিণ কামৰূপৰ ফালে ৰাতি কল, কুঁহিয়াৰ, নাৰিকল আদি লোকৰ বাৰীৰ পৰা চুৰ কৰা এটা নিয়ম অতীজৰে পৰাই প্রচলিত হৈ আহিছে৷ গতিকে সেইদিনা সকলোৱে ঘৰত সাৰে থাকি পহৰা দিয়ে৷ আমি কিবা প্রকাৰে ঘৰৰ মানুহে আৰু বাটত চল চাই ফুৰা চোৰকেইটাই গম নোপোৱাকৈ স্কুলৰ বাৰাণ্ডাত লগ হ'লো৷ 

তাৰ পিছৰ অভিযান খিনি পিছে পৰে এদিন ক'ম৷ ৰাতিপুৱা হ'বৰ পৰত বিষণ্ণ মুখ কেইখন লৈ আমি তিনিওজন পাহাৰৰ পৰা নামি আহিলো৷ মানে সাপৰ মণি নাপালোঁ| হাতত গোবৰৰ মোনাটো যেনেকৈ নিছিলো তেনেকৈয়ে লৈ আনিলো৷ মোৰো মনটো বেয়া লাগিছিল কিন্তু ভাবি ভালো লাগিছিল যে মায়ে গোবৰখিনি ক'ত হেৰাল- বুলি বিচাৰিবলগীয়া নহ'ব আৰু মইও ঔ-কিলৰ পৰা ৰক্ষা পৰিম ৷ পিছে মা্য়ে সেইদিনা সোনকালে উঠি হাতত চিকনি এডাল লৈ মোৰ বাবে ৰৈয়েই আছিল… লগত দেউতা…| নক’লেও হ’ব সেইদিনা পিঠিৰ অৱস্থা কি হৈছিল| 

সুপ্ৰিয়া: -

মই ক্লাচ চিক্স-ছেভেনত পঢ়ি থাকোতে সৰুমামাৰ বিয়া। আমাৰ খুব ফূৰ্তি। নতুন ফ্ৰক। নতুন নতুন ক্লিপ। পাৰ্লাৰত চুলি কাটিছো।
বিয়াৰ দিনা লগৰজনী আৰু মই চফৰ বটা লৈ চকীত বহি আছো। তেনেতে কোনোবাই তাইক মতাত তাই উঠি গ'ল। তেতিয়াই মোৰ কুবুধি এটা খেলালে।

তাই যেতিয়া উভতি আহি চকীত বহিব খুজিলে, মই চকীখন আতৰাই দিলো। তাই "ধুপুছ"কৈ পৰিল।

গোটেই বিয়াঘৰৰ মানুহ দৌৰি আহিল। তাইও কম নহয়, কান্দি কান্দি চবকে মোৰ কথা লগাই দিলে। লগাতকৈ অভাৰ এক্টিং কৰি কান্দি দেখুৱালে।

ময়ো জানো কম? একেবাৰে ভোলা ভালা চেহেৰা বনাই ক'লো যে, মই অথনিৰে পৰাই চকীখন এনেই লৰাই আছিলো। তাই অহা দেখাই নাছিলো।

মায়ে মোৰ কথা বিশ্বাস কৰিলে। বাচি গ'লো।

অলপ পিছত মোৰ বাইদেউৱে কাণে কাণে সুধিলে, তুমি জানি বুজি চকীখন আতৰাইছিলা হয় নে নাই?

মই মিচিককৈ হাঁহি ক’লো- "অঁ‌!"

তপন নেওগ: -

এবাৰ গৰমবন্ধত চাহবাগানৰ মাজৰ পুখুৰীত সাতুৰি জোক এটা লাগি আহিল যিটো মোৰ কৰঙ্গনত এদিন তেজ খাই থাকিল৷ পিছদিনা কুটকুটাই থাকোতে চাওঁতেহে গম পাইছো৷

সৰুতে মোৰ এটা ডাঙৰ বেমাৰ আছিল- ৰাতি শোওতে বিচনাতে টোপনিতে মূত্ৰবিসৰ্জন৷ কিমান ধূপ জ্বলোৱা কল, পাটিমুতুৰা মাছ কিমান খুৱালে মায়ে, হিচাব নাই ৷ পঞ্চমমানৰ পৰাহে এইবিধৰ পৰা পৰিত্ৰাণ পালোগৈ৷ এইখিনিতে এটা ঘটনা মনত পৰে -
এবাৰ ৰাতি বিচনাতে মূত্ৰ বিসৰ্জন হৈ গ'ল ৷ মায়ে জগাই দিলে বোলো পেন্টটো সলাই আহ৷ ডিম লাইটৰ পোহৰতে উঠি গ'লো পেন্ট সলাবলৈ৷ পেন্টটো খুলি আলনাৰ পৰা অন্য এটা পেন্ট লৈ পিন্ধিছো আৰু তেনেকুৱাতে মোৰ পেন্টৰ ভিতৰত কিবা এটা পাই টেপা মাৰি ধৰি উলিয়াই আনিছো ডাঠ খহটা কিন্তু কোমল ৷ উলিয়াই অনাত বস্তুটোৱে নাচি বাগি দিয়াত থাপকৈ মজিয়ালৈ দলিয়াই পেলাই চিঞঁৰি দিলোঁ ৷ দেউতাই বস্তুটো বিচাৰি উলিয়াই দেখে সেইটো এটা কেকোঁসাপ, (জেঠীটোৰ দৰেই অলপ ডাঙৰ)|

দীঘলীয়াকৈ বন্ধ পালেই ককাৰ ঘৰলৈ যাওঁ৷ বৰদেউতাৰ ল'ৰাটো আৰু মই সমনীয়া দোস্ত৷ এবাৰ পথাৰত আমি দুটা হালোৱাক চাহ দিবলৈ গৈ সৰু পুখুৰী এটা সিঁচাৰ মন মেলিলোঁ৷ লাহনী লৈ পুখুৰী সিঁচি দিলোঁ পানী ৷ মাছ ধেৰ ওলাইছে গৰৈ, কাৱৈ, পুঠি .. এপাকত গৰৈ বুলি বোকাতে থাপ মাৰি ধৰোতে শিঙি এটাই বিন্ধি দিলে৷ বিন্ধি দিলে মানে আঙুলিতে শিঙিয়ে বিন্ধি শিঙি ওলমি দিলে ৷ মই আৰু আইঔ সাপে খালেঔ মৰিলো ঔ.... বুলি বোকা ফালি দৌৰ৷ এপাকত বোকাতে লুটি খাই পৰিলো ৷ শিঙি ক'ৰবাত মানুহ ক'ৰবাত বোকাৰে লুটুৰি পুটুৰি৷












March 31, 2017

গুহেটীৰ চিটিবাছত বেঙেনা

বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........

প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।

আমাৰ বেঙেনাওঁ কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে-  "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।

**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)

By Nip Jyoti for Assamese Jokes (Gajari Dot Com)