Gajari: the Best of Indian Jokes: September 2012

September 17, 2012

Thuluk: An egg story

থুলুকে কুকুৰা এজনী পুহিছে, নতুনকৈ। এতিয়া ডেইলী দুটাকৈ কুকুৰাৰ কণীৰে ব্ৰেকফাষ্ট, থুলুকৰ ভাষাত লাইফ ইজ বিউটিফুল। পিছে আজি পুৱাই লাগিল নহয় কেণা। কুকুৰাই গৈ কণী পাৰিলে চুবুৰীয়া নগেনৰ চৌহদত। থুলুকৰ মতে কুকুৰাৰ ককাক-আইতাক বাংলাদেশৰ, সীমাৰ সিপাৰলৈ যোৱাৰ স্বভাৱটো সেয়েহে জন্মগত। নগেনৰ ঘৰত যিহেতু কণী পাৰিব পৰা একো জীৱ নাই, গতিকে থুলুকে দস্তুৰমত কণীটো ডিমাণ্ড কৰিলে। নগেনৰ যুক্তি কণীটো বোলে ভগবানৰ দান, চমৎকাৰ। সীমাৰ ভিতৰৰ যিকোনো বস্তু তাৰ নিজৰ। থুলুকৰ টেমা গৰম হৈ গ'ল। 
থুলুক: "ঠিক আছে। তয়ো জান আৰু ময়ো জানো, ভগবানে আহি বহি লৈ তোৰ চোতালত কণী পৰা নাই। কণী পাৰিছে মোৰ কুকুৰাজনীয়ে। গতিকে আমি এটা কাম কৰো। দুইটাই দুইটাকে দুইভৰিৰ মাজত এগোৰ এগোৰ মাৰো। যাৰ গোৰৰ জোৰ বেছি, কণীটো তাৰ।"
নগেন গায়ে-পায়ে বিশাল আকাৰৰ। গতিকে সি সন্মত হ'ল। তাৰ একগোৰ খাই থুলুক যে আৰু উঠিব নোৱাৰে সি খাটাং। 
থুলুক: "যিহেতু কণীৰ উৎসটো মানে কুকুৰাজনী মোৰ বস্তু, গতিকে প্ৰথম মই গোৰ মাৰিম।"
নগেনে দুইভৰি মেলি থুলুকৰ সন্মুখত থিয় দিলে। একদম হেণ্ডছ আপ পজিছন। গাৰ সমস্ত শক্তিৰে, পাঁচ খোজ দৌৰি, ফুটবলত পেনাল্টী শ্বট লোৱা টাইপ থুলুকে আহি নগেনৰ দুই ভৰিৰ মাজত এটা দূৰ্দান্ত গোৰ দিলে। গোৰ খাই নগেনে মাক-দেউতাক-ককাক-আইতাক-আজোককাক-আজোআইতাক সকলোৰে নাম চিঞৰি তিনি লুটি দি চিৎভোলোঙা খাই পৰিল। প্ৰায় আধা ঘণ্টা মান লাগিল তাক কিবা এটা ক'ব পৰা হ'বলৈ। তাৰ পাছত যেনে তেনে, কেকোঁ জেকোঁকৈ থিয় হৈ সি ক'লে "এইবাৰ মোৰ পাল।"।
"এহঃ, হ'ব দে কণীটো তয়েই ৰাখ।" এইবুলি কৈ থুলুক নিজৰ ঘৰলৈ গুচি আহিল।
(সঁচা কথা ক'লে থুলুক বেয়া।)


By Rajib Ranjan

September 10, 2012




MISDIRECTION

পতি-পত্নী দুয়ো ডেলিভাৰী ডেটৰ এদিন আগতে গৈ হস্পিতালত উপস্থিত হ'ল। ডাক্টৰে চব চাই মেলি ক'লে নৰ্মেল হ'ব, চিন্তা কৰিবলৈ একো নাই। পাছে এটা কথা। আমি নতুন পদ্ধতি এটা উলিয়াইছো য'ত প্ৰসব বেদনা স্বামীলৈও ট্ৰেন্সফাৰ কৰিব পাৰি। আপোনালোকেও কৰি চাব নেকি? যিহেতু বিষ-কষ্ট দুয়োজনৰ মাজত ভাগ হৈ যায় গতিকে পত্নীৰ কষ্ট কম হওক বুলি পতিয়ে ক'লে নিশ্চয়।

পাছদিনা নিৰ্দ্দিষ্ট সময়ত পত্নীৰ প্ৰসব বেদনা আৰম্ভ হ'ল। এখন বিচনাত পত্নী আৰু আনখনত এগালমান যন্ত্ৰপাতি লগাই লৈ পতি মহাশয়। ডাক্টৰে আৰম্ভণিতে "বেদনা ট্ৰেন্সফাৰ"ৰ পৰিমাণ ১০% ৰাখি পতিক ক'লে যে যদিও খালী ১০%, কিন্তু মতা মানুহ প্ৰায়ভাগেই জীৱনত ইমানখিনি বেদনা অনুভৱ কৰি পোৱাই নাই।

আমাৰ পতিদেবৰ ১০%-ত একো অনুভৱেই নাই হোৱা, ইফালে পত্নীয়ে টেটুফালি চিঞৰিছে বিষত। পতিয়ে বোলে ডাক্টৰ ২০% কৰি দিয়া, এওঁ বৰ কষ্ট পাইছে। ২০% হৈ গ'ল, পত্নীৰ চিঞৰ আৰু বাঢ়িছে, কিন্তু পতিদেবে একো বিষ গমেই পোৱা নাই। পতিয়ে ডাক্টৰক ক'লে ৫০-৫০ কৰি দিয়া। ইফালে বেবী এই আহোঁ, এই আহোঁ, পত্নীয়ে চিঞৰ কমাইছে, কষ্টৰ ৫০% পতিয়ে লৈছে আফটাৰ অল। 

পতি জোছত আহি গ'ল, বোলে ডাক্টৰ, ১০০% মোলৈ দি দিয়া, মই পাৰিম। ৫০%তো একো Feel কৰাই নাই। ডাক্টৰেও পতিৰ পত্নী প্ৰেম দেখি বিষ ট্ৰেন্সফাৰৰ কাঁটা ১০০%-ত লগাই দিলে। পতিৰ গাত বিষৰ গম গতিয়েই নাই। ইফালে পত্নীয়েও আৰামত বিনা কষ্টত হাঁহি হাঁহি এটা সুন্দৰ স্বাস্থ্যৰ ল'ৰা জন্ম দিলে আৰু এঘণ্টাৰ পাছতে ঘৰ যোৱাৰ অনুমতিও পালে।

পতি-পত্নীয়ে কেচুঁৱা লৈ ঘৰ গৈ পাই দেখিছে সিহঁতৰ ঘৰৰ বাৰাণ্ডাতে প্ৰায়ে আহি থকা কুৰিয়াৰৰ ডেলিভাৰী বয়টো মুখ বিকটাই মৰি পৰি আছে।

by Rajib Ranjan



MORNING BLUES

মাক- থুলুক, ইমান দেৰিলৈকে শুই থাক কেলৈ? পুৱা সোনকালে উঠি অলপ কাম-চাম কৰিলেহে জীৱনত ডাঙৰ মানুহ হ'ব পাৰিবি ?"

থুলুক চকু মোহাৰি মোহাৰি-

হবই নোৱৰে মা, তেনে হোৱা হ'লে পেপাৰৱালা আৰু গাখীৰৱালা দুনীয়াত আটাইতকৈ ডাঙৰ মানুহ হ'ল হয়। এতিয়া শুবলে দে... "

____________________________________
-সঁচা কথা ক'লে থুলুক বেয়া- (হিঃহিঃহিঃহিঃহিঃ)

by Ractim G

DUPLICATE KEY? 

তাজমহলৰ কেচটোৰ পিছত থুলুক অলপ ঠাণ্ডা হৈ আছিল, গম পাইছে বেছি সচা কথা কোৱাটো যে বিপদ্দজনক কিন্তু আজি পুৱাই পুৱাই পুতেক চিত্তক ডাক্তৰ তাত যাবলগীয়া হৈ আকৌ সঁচা কথা ক'ব লগত পৰিল।

ডাক্তৰ- কওকচোন?
থুলুক - ল'ৰাটোৱে ঘৰৰ চাবিটো খঙতে গিলি দিলে।
ডাক্তৰ- কেতিয়া?
থুলুক - তিনিমাহ মান হ'ল।
ডাক্তৰ- আজি কিয় আহিল তেনেহ'লে?
থুলুক - দুপলিকেট চাবিটো হেৰাল সেই কাৰণে। চিত্তক ওলোটাই দিছো কি সুমুৱাই কেনেকৈ চাবিটো উলিয়াই আনে আনক ফটাফট। 

____________________________________
-সঁচা কথা ক'লে থুলুক বেয়া- (হিঃহিঃহিঃহিঃহিঃ)

by Ractim G
Funny Names


চীনা পৰিয়াল এটাত... 

প্ৰথম সন্তানৰ নাম দিলে দুয়ো মিলি... " ছিং-ছং- ফং", 

পত্নীয়ে দ্বিতীয় সন্তানৰ নাম ৰাখিলে.. " ছাং-ছিং-কং"

তৃতীয় সন্তানটি ’নিগ্ৰো’ উপজিল..... !!

পতিয়ে নাম দিলে এইবাৰ... " ছাম-থিং-ৰং" !!! 


By Bornaly H

থোলোক


থোলোক ঘৰতে আছিল। বৰষুণ দি আছে গোটেই দিনটো, ক'লৈ নো যাব। লেণ্ডলাইন ফোনটো বাজিল। থোলোকে উঠাইলৈ বোলে হেল্ল'।
সিফালৰ পৰা সুধিছে, "হেল্ল', থোলোক?" "হয়" "ঘৰতে আছানে?"
থোলোকৰ টেমা গৰম হৈ গ'ল। উত্তৰ দিলে: "নাই, ফোনটো ডিঙিত আঁৰি লৈ বজাৰত মাছ কিনিবলৈ আহিছো।"

(সঁচা কথা ক'লেই থোলোক বেয়া)

Contributed by Rajib Ranjan

মালতী

নামেও তৰিব পাৰে
হাতত বন্দুক লৈ ডকাইত : - এতিয়া মই তঁহত দুয়োটাকে এটা এটাকৈ গুলীয়াই মাৰিম | ঐ ছোৱালী নাম কি হা তোৰ? 

কলিতানী: - মা মা... মালতী

ইম’চনেল হৈ ডকাইত: - ছে: যা... মোৰ আইতাৰ নামো মালতী আছিল | ভাগ্য ভাল তোৰ, ত‍ই বাচি গ’লি | পিছে তোৰ মানুহটো কিন্তু নাবাচিব | তোৰ নাম কি হা?

কলিতা: - লটকন, লটকন কলিতা, কিন্তু চবেই মোক মৰমতে "মালতী" বুলিহে মাতে |

by Changmai#