Gajari: the Best of Indian Jokes: October 2013

October 11, 2013

শাৰদীয় শুভকামনা

আমাৰ ব্ল’গ পঢ়োঁতা সদৌটি বন্ধু-বান্ধৱী তথা শুভাকাংক্ষী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শৰতৰ ওলগ ও দুৰ্গা-পূজাৰ শুভেচ্ছা প্ৰদান কৰিছোঁ| 

আমাৰ ব্ল’গ পঢ়ি, অনুসৰণ কৰি আৰু নিজৰ পৰিয়াল/ বন্ধুবৰ্গৰ মাজৰ বিলাই দি আজিৰ যুগৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কৌতুকৰ আমেজ লওক| অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰক| সুখত থাকক, হাঁহি থাকক, হঁহুৱাই থাকক|

জয় আই অসমী!

শান্তনু চাংমাই আৰু সদস্যবৃন্দ

October 01, 2013

অসমীয়া কৌতুক: ফ্ৰীজ এটা কিনক না প্লিজ

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল| ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...
ডীপা: নালাগে পাই...

অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!
ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে|

... ও... ৱা...ক্...
ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড! সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো? কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি...

By Changmai

ফেচবুকত আমাৰ সতে যোগাযোগ কৰিবলৈ তলৰ ঠিকনাত ক্লিক কৰক:
গাজাৰী ডট কম পৰিয়াল

We are the #1 Assamese Jokes Blog at Google Search

আপুনি বা কোনোবাই Googleত এইকেইটা শব্দৰে বিচাৰিলে আমাৰ গোটৰ ব্ল'গটো এক নম্বৰ স্থানত বিচাৰি পাব: -

1/ অসমীয়া কৌতুক
2/ Assamese Jokes
3/ Assamese Joke
4/ Assamese Blog Jokes

#1 at Google.

Best Assamese jokes

Best Assamese jokes on internet
Facebook jokes, Google jokes, new jokes, latest jokes
Indian jokes, laughing jokes,