Gajari: the Best of Indian Jokes: January 2014

January 31, 2014

টিভি কিনিবলৈ ওলাল চেং....

চেং :হৌৰা, এই টিভিটো কেইটকাত দিবা?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

চেং(এক মাহৰ পিছত দাৰি-চুলি কাটি একদম ফিটফিটিয়া হৈ) :হেৰা, এই টিভিটোৰ দাম কিমান?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

আকৌ এক মাহৰ পিছত চেং এইবাৰ ফৰ্মেল দ্ৰেছত দন্দায়মান...

চেং(ইংলিচত হে আকৌ) : হাউ মাছ ফৰ দিচ টিভি?

দোকানীঃ আমি গাঁওলীয়া ভূতক বস্তু নেবেচো!

ৰণচণ্ডীমূৰ্তি ধৰি চেং এইবাৰ গৰজি উঠিল...

"হৌৰা, বাৰে বাৰে তুমি মোক কেনেকৈ গাঁওলীয়া ভূত বুলি চিনি পোৱা হে?"

দোকানীঃ এইটোক মাইক্ৰৱেভ অভেন বুলি কয় ৰে গৰু!

- Anupam Medhi

গুলী মাৰিলেও নকওঁ: অসমীয়া কৌতুক

দত্তই ১ কোটি টকা আৰু বহুতো সোন চুৰি কৰি পলাই এজন বোবা মানুহৰ ঘৰত লুকাইছিল গৈ !

সেই ঘৰতেই সি টকা আৰু সোন ৰাখি বোবাজনক ক'লে “কাইলৈ নিমহি ” ।

দ্বিতীয় দিনা দত্তই সেই ঠাইলৈ গৈ দেখে যে তাৰ মালখিনি সি ৰখা ঠাইখিনিত নাই, তেতিয়া সি ঘৰৰ মালিক মানে বোবাজনক তাৰ মালৰ কথা সুধিলে । কিন্তু বোবাজনে এনেকুৱা ইঙ্গিত দিলে যে সি সেই বিষয়ে একোকে নাজানে !

ইয়াৰ পাচত দত্তই তাৰ বন্ধু কলিতাক আনিলে যাতে বোবা জনৰ ইংগিতৰ কথা বুজিব পাৰে ।

দত্তই তাৰ বন্ধুক ক'লে, “তাক ক্ .. মাল ক'ত ৰাখিছে, যদি নকয় গুলি কৰি মাৰি পেলাম” ।

বোবা মানুহজনে ভয়তে ইংগিতৰদ্বাৰাই জনালে, “ঘৰৰ পিছফালে যে আম গছজোপা আছে, তাৰ তলতে ৰাখিছে” !

দত্তই বুজিব নোৱাৰি তাৰ বন্ধু কলিতাক সুধিছে, “কি কৈছে বে'... এইটোৱে ?''

বন্ধু কলিতাই ক'লে, “কৈছে যে, গুলি মাৰ তথাপিও মই নকওঁ !!''


# দীপ জ্যোতি নাথ

ওকণি মৰা যন্ত্ৰ: Assamese Jokes

টি. ভি. ত বিজ্ঞাপন দিলে -

‘ওকণী মাৰা যন্ত্ৰ’, মাত্ৰ ১৯৯৯ টকাত ।
ফ্ৰী হোম ডেলিভাৰী ।
২০ বছৰৰ গেৰাণ্টী (যদিহে ব্যৱহাৰ নকৰে)।
লগতে ওকণী ধৰিবৰ বাবে এখন প্লাষ্টিকৰ মজবুত ফনী সম্পূর্ণ বিনামূল্যে ।

বিজ্ঞাপনটো দেখি চেংমাৰ প্ৰডাক্টটো পচণ্ড লাগিল । এনেই ‘মেগী’হেন চুলিখিনত বহুদিনৰে পৰাই ওকণীয়ে অত্যাচাৰ চলাই আছে ।

লগে-লগে চেংমাই নির্দিষ্ট ঠিকনাত মানী অর্ডাৰ যোগে ১৯৯৯ টকা আৰু নিজৰ নাম-ঠিকনা লিখি পঠিয়াই দিলে ।

কেইদিনমান পাছত এটা ডাঙৰ বাকচত ওকণী মাৰা যন্ত্ৰ চেংমাৰ ঘৰ পালেহি ।

বাকচটো ভিতৰলৈ নি আথে-বেথে খুলি দেখিলে তাত দুটা চেংগুটি খেলিব পৰা জোখৰ শিলগুটি, প্লাষ্টিকৰ পকেট ফনী এখন আৰু এখন কাগজৰ বাহিৰে অইন একো নাই !

কাগজখনত লিখা আছিল :-

‘‘এই ‘অত্যাধুনিক’ ওকণী মাৰা যন্ত্ৰ বিধ ১৯৯৯ টকা ভৰি অর্ডাৰ কৰাৰ বাবে ধন্যবাদ । বাকচটোত থকা ফনীখনেৰে নিজৰ মূৰৰ ওকণীবোৰ ধৰি আনি এটুকুৰা শিলত দি আন টুকুৰাৰে হেচা মাৰি নিধন কৰিব ! এই অত্যাধুনিক ‘ওকণী মাৰা যন্ত্ৰ’বিধ ব্যৱহাৰ কৰি আপুনি সুফল পাব বুলি আশা কৰিলো ।

বিঃ দ্ৰঃ - নকলৰ পৰা সাবধান ।

ধন্যবাদ !!’

- আকাশ জ্যোতি