Gajari: the Best of Indian Jokes: শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ

June 25, 2017

শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ



মধুমিতা নাথ দত্ত: - 

মোৰ সৰুকালৰ এটা ঘটনাই মোক এতিয়াও মাজে মাজে হঁহুৱায়৷ মই ভজা মাছ খাই বৰ ভাল পাইছিলো| প্ৰধানকে মিছামাছ ৷ এদিন বাবায়ে বেছিকৈ মিছা মাছ আনিছিল৷তেতিয়া গেছো নাছিলে লাইটো নাছিল৷ মায়ে জুইতে মাছ ভাজি আছে৷ 
আমাৰ লৰা ছোৱালী কেবাটাও- মই ঘৰৰ সৰু৷ সেইকাৰণে মাৰ ওচৰে পাজৰেই থাকো৷ মোৰ কিন্ত সিদিনা লক্ষ্য ভজামাছ খোৱাৰ৷ মায়ে মাছ ভাজি কাহিত থয় আৰু মই মনে মনে পিছফালৰ পৰা আহি খাই থাকো৷ মায়ে মাছবোৰ কমি যোৱা দেখি আচৰিত হয় ৷ চুৰ ধৰিবলৈ একোবত মাছৰ জেগাত শুকান জলকীয়া ভাজি থৈ দিছে আৰু মই ভজামাছ বুলি মুখত দি মৰমৰাই চোবাই দিছো৷ পাছৰকণ কল্পনা কৰক- মজিয়াত এদোঙা (চকু)পানী হ'ল আৰু মাৰ কেবাটাও কেবেহা ঢকা পিঠিত পৰিল|

উত্‍পল জ্যোতি দাস: -

চতুর্থমানত পঢ়ি থাকোতে সেইবাৰ লক্ষ্মীপূজাত ৰাতি গাঁৱৰে দুজন ককাইদেউৰ লগত পাহাৰত সাপৰ মণি বিচাৰি গৈছিলো ৷ গোবৰ সংগ্রহ কৰা দায়িত্ব মোৰ ওপৰত দিছিল৷ গধূলিতেই কোনেও গম নোপাৱাকৈ মা্য়ে ঘৰ মচিবলৈ থৈ দিয়া গোৱৰখিনিকে নি বাটৰ কাষৰ জোপোহাৰ মাজত নি লুকুৱাই থৈ আহিলো৷ মনত এক দুঃসাহসিক আনন্দ অনুভৱ কৰিছিল৷ 

সময়বোৰ নাযায় নুপুৱায় যেন লাগিব ধৰিছিল৷ অৱশেষত সেই আকাংক্ষিত মূহুর্তটো আহিল৷ আমাৰ স্কুলখন পাহাৰৰ নামনিত অৱস্থিত৷ তাৰোপৰি লক্ষ্মীপূজাত আমাৰ দক্ষিণ কামৰূপৰ ফালে ৰাতি কল, কুঁহিয়াৰ, নাৰিকল আদি লোকৰ বাৰীৰ পৰা চুৰ কৰা এটা নিয়ম অতীজৰে পৰাই প্রচলিত হৈ আহিছে৷ গতিকে সেইদিনা সকলোৱে ঘৰত সাৰে থাকি পহৰা দিয়ে৷ আমি কিবা প্রকাৰে ঘৰৰ মানুহে আৰু বাটত চল চাই ফুৰা চোৰকেইটাই গম নোপোৱাকৈ স্কুলৰ বাৰাণ্ডাত লগ হ'লো৷ 

তাৰ পিছৰ অভিযান খিনি পিছে পৰে এদিন ক'ম৷ ৰাতিপুৱা হ'বৰ পৰত বিষণ্ণ মুখ কেইখন লৈ আমি তিনিওজন পাহাৰৰ পৰা নামি আহিলো৷ মানে সাপৰ মণি নাপালোঁ| হাতত গোবৰৰ মোনাটো যেনেকৈ নিছিলো তেনেকৈয়ে লৈ আনিলো৷ মোৰো মনটো বেয়া লাগিছিল কিন্তু ভাবি ভালো লাগিছিল যে মায়ে গোবৰখিনি ক'ত হেৰাল- বুলি বিচাৰিবলগীয়া নহ'ব আৰু মইও ঔ-কিলৰ পৰা ৰক্ষা পৰিম ৷ পিছে মা্য়ে সেইদিনা সোনকালে উঠি হাতত চিকনি এডাল লৈ মোৰ বাবে ৰৈয়েই আছিল… লগত দেউতা…| নক’লেও হ’ব সেইদিনা পিঠিৰ অৱস্থা কি হৈছিল| 

সুপ্ৰিয়া: -

মই ক্লাচ চিক্স-ছেভেনত পঢ়ি থাকোতে সৰুমামাৰ বিয়া। আমাৰ খুব ফূৰ্তি। নতুন ফ্ৰক। নতুন নতুন ক্লিপ। পাৰ্লাৰত চুলি কাটিছো।
বিয়াৰ দিনা লগৰজনী আৰু মই চফৰ বটা লৈ চকীত বহি আছো। তেনেতে কোনোবাই তাইক মতাত তাই উঠি গ'ল। তেতিয়াই মোৰ কুবুধি এটা খেলালে।

তাই যেতিয়া উভতি আহি চকীত বহিব খুজিলে, মই চকীখন আতৰাই দিলো। তাই "ধুপুছ"কৈ পৰিল।

গোটেই বিয়াঘৰৰ মানুহ দৌৰি আহিল। তাইও কম নহয়, কান্দি কান্দি চবকে মোৰ কথা লগাই দিলে। লগাতকৈ অভাৰ এক্টিং কৰি কান্দি দেখুৱালে।

ময়ো জানো কম? একেবাৰে ভোলা ভালা চেহেৰা বনাই ক'লো যে, মই অথনিৰে পৰাই চকীখন এনেই লৰাই আছিলো। তাই অহা দেখাই নাছিলো।

মায়ে মোৰ কথা বিশ্বাস কৰিলে। বাচি গ'লো।

অলপ পিছত মোৰ বাইদেউৱে কাণে কাণে সুধিলে, তুমি জানি বুজি চকীখন আতৰাইছিলা হয় নে নাই?

মই মিচিককৈ হাঁহি ক’লো- "অঁ‌!"

তপন নেওগ: -

এবাৰ গৰমবন্ধত চাহবাগানৰ মাজৰ পুখুৰীত সাতুৰি জোক এটা লাগি আহিল যিটো মোৰ কৰঙ্গনত এদিন তেজ খাই থাকিল৷ পিছদিনা কুটকুটাই থাকোতে চাওঁতেহে গম পাইছো৷

সৰুতে মোৰ এটা ডাঙৰ বেমাৰ আছিল- ৰাতি শোওতে বিচনাতে টোপনিতে মূত্ৰবিসৰ্জন৷ কিমান ধূপ জ্বলোৱা কল, পাটিমুতুৰা মাছ কিমান খুৱালে মায়ে, হিচাব নাই ৷ পঞ্চমমানৰ পৰাহে এইবিধৰ পৰা পৰিত্ৰাণ পালোগৈ৷ এইখিনিতে এটা ঘটনা মনত পৰে -
এবাৰ ৰাতি বিচনাতে মূত্ৰ বিসৰ্জন হৈ গ'ল ৷ মায়ে জগাই দিলে বোলো পেন্টটো সলাই আহ৷ ডিম লাইটৰ পোহৰতে উঠি গ'লো পেন্ট সলাবলৈ৷ পেন্টটো খুলি আলনাৰ পৰা অন্য এটা পেন্ট লৈ পিন্ধিছো আৰু তেনেকুৱাতে মোৰ পেন্টৰ ভিতৰত কিবা এটা পাই টেপা মাৰি ধৰি উলিয়াই আনিছো ডাঠ খহটা কিন্তু কোমল ৷ উলিয়াই অনাত বস্তুটোৱে নাচি বাগি দিয়াত থাপকৈ মজিয়ালৈ দলিয়াই পেলাই চিঞঁৰি দিলোঁ ৷ দেউতাই বস্তুটো বিচাৰি উলিয়াই দেখে সেইটো এটা কেকোঁসাপ, (জেঠীটোৰ দৰেই অলপ ডাঙৰ)|

দীঘলীয়াকৈ বন্ধ পালেই ককাৰ ঘৰলৈ যাওঁ৷ বৰদেউতাৰ ল'ৰাটো আৰু মই সমনীয়া দোস্ত৷ এবাৰ পথাৰত আমি দুটা হালোৱাক চাহ দিবলৈ গৈ সৰু পুখুৰী এটা সিঁচাৰ মন মেলিলোঁ৷ লাহনী লৈ পুখুৰী সিঁচি দিলোঁ পানী ৷ মাছ ধেৰ ওলাইছে গৰৈ, কাৱৈ, পুঠি .. এপাকত গৰৈ বুলি বোকাতে থাপ মাৰি ধৰোতে শিঙি এটাই বিন্ধি দিলে৷ বিন্ধি দিলে মানে আঙুলিতে শিঙিয়ে বিন্ধি শিঙি ওলমি দিলে ৷ মই আৰু আইঔ সাপে খালেঔ মৰিলো ঔ.... বুলি বোকা ফালি দৌৰ৷ এপাকত বোকাতে লুটি খাই পৰিলো ৷ শিঙি ক'ৰবাত মানুহ ক'ৰবাত বোকাৰে লুটুৰি পুটুৰি৷












No comments:

Post a Comment

Liked it? Please share with your friends.