Gajari: the Best of Indian Jokes

June 25, 2017

শৈশৱৰ নিৰ্মোহ আৰু ধেমেলীয়া স্মৃতিবোৰ



মধুমিতা নাথ দত্ত: - 

মোৰ সৰুকালৰ এটা ঘটনাই মোক এতিয়াও মাজে মাজে হঁহুৱায়৷ মই ভজা মাছ খাই বৰ ভাল পাইছিলো| প্ৰধানকে মিছামাছ ৷ এদিন বাবায়ে বেছিকৈ মিছা মাছ আনিছিল৷তেতিয়া গেছো নাছিলে লাইটো নাছিল৷ মায়ে জুইতে মাছ ভাজি আছে৷ 
আমাৰ লৰা ছোৱালী কেবাটাও- মই ঘৰৰ সৰু৷ সেইকাৰণে মাৰ ওচৰে পাজৰেই থাকো৷ মোৰ কিন্ত সিদিনা লক্ষ্য ভজামাছ খোৱাৰ৷ মায়ে মাছ ভাজি কাহিত থয় আৰু মই মনে মনে পিছফালৰ পৰা আহি খাই থাকো৷ মায়ে মাছবোৰ কমি যোৱা দেখি আচৰিত হয় ৷ চুৰ ধৰিবলৈ একোবত মাছৰ জেগাত শুকান জলকীয়া ভাজি থৈ দিছে আৰু মই ভজামাছ বুলি মুখত দি মৰমৰাই চোবাই দিছো৷ পাছৰকণ কল্পনা কৰক- মজিয়াত এদোঙা (চকু)পানী হ'ল আৰু মাৰ কেবাটাও কেবেহা ঢকা পিঠিত পৰিল|

উত্‍পল জ্যোতি দাস: -

চতুর্থমানত পঢ়ি থাকোতে সেইবাৰ লক্ষ্মীপূজাত ৰাতি গাঁৱৰে দুজন ককাইদেউৰ লগত পাহাৰত সাপৰ মণি বিচাৰি গৈছিলো ৷ গোবৰ সংগ্রহ কৰা দায়িত্ব মোৰ ওপৰত দিছিল৷ গধূলিতেই কোনেও গম নোপাৱাকৈ মা্য়ে ঘৰ মচিবলৈ থৈ দিয়া গোৱৰখিনিকে নি বাটৰ কাষৰ জোপোহাৰ মাজত নি লুকুৱাই থৈ আহিলো৷ মনত এক দুঃসাহসিক আনন্দ অনুভৱ কৰিছিল৷ 

সময়বোৰ নাযায় নুপুৱায় যেন লাগিব ধৰিছিল৷ অৱশেষত সেই আকাংক্ষিত মূহুর্তটো আহিল৷ আমাৰ স্কুলখন পাহাৰৰ নামনিত অৱস্থিত৷ তাৰোপৰি লক্ষ্মীপূজাত আমাৰ দক্ষিণ কামৰূপৰ ফালে ৰাতি কল, কুঁহিয়াৰ, নাৰিকল আদি লোকৰ বাৰীৰ পৰা চুৰ কৰা এটা নিয়ম অতীজৰে পৰাই প্রচলিত হৈ আহিছে৷ গতিকে সেইদিনা সকলোৱে ঘৰত সাৰে থাকি পহৰা দিয়ে৷ আমি কিবা প্রকাৰে ঘৰৰ মানুহে আৰু বাটত চল চাই ফুৰা চোৰকেইটাই গম নোপোৱাকৈ স্কুলৰ বাৰাণ্ডাত লগ হ'লো৷ 

তাৰ পিছৰ অভিযান খিনি পিছে পৰে এদিন ক'ম৷ ৰাতিপুৱা হ'বৰ পৰত বিষণ্ণ মুখ কেইখন লৈ আমি তিনিওজন পাহাৰৰ পৰা নামি আহিলো৷ মানে সাপৰ মণি নাপালোঁ| হাতত গোবৰৰ মোনাটো যেনেকৈ নিছিলো তেনেকৈয়ে লৈ আনিলো৷ মোৰো মনটো বেয়া লাগিছিল কিন্তু ভাবি ভালো লাগিছিল যে মায়ে গোবৰখিনি ক'ত হেৰাল- বুলি বিচাৰিবলগীয়া নহ'ব আৰু মইও ঔ-কিলৰ পৰা ৰক্ষা পৰিম ৷ পিছে মা্য়ে সেইদিনা সোনকালে উঠি হাতত চিকনি এডাল লৈ মোৰ বাবে ৰৈয়েই আছিল… লগত দেউতা…| নক’লেও হ’ব সেইদিনা পিঠিৰ অৱস্থা কি হৈছিল| 

সুপ্ৰিয়া: -

মই ক্লাচ চিক্স-ছেভেনত পঢ়ি থাকোতে সৰুমামাৰ বিয়া। আমাৰ খুব ফূৰ্তি। নতুন ফ্ৰক। নতুন নতুন ক্লিপ। পাৰ্লাৰত চুলি কাটিছো।
বিয়াৰ দিনা লগৰজনী আৰু মই চফৰ বটা লৈ চকীত বহি আছো। তেনেতে কোনোবাই তাইক মতাত তাই উঠি গ'ল। তেতিয়াই মোৰ কুবুধি এটা খেলালে।

তাই যেতিয়া উভতি আহি চকীত বহিব খুজিলে, মই চকীখন আতৰাই দিলো। তাই "ধুপুছ"কৈ পৰিল।

গোটেই বিয়াঘৰৰ মানুহ দৌৰি আহিল। তাইও কম নহয়, কান্দি কান্দি চবকে মোৰ কথা লগাই দিলে। লগাতকৈ অভাৰ এক্টিং কৰি কান্দি দেখুৱালে।

ময়ো জানো কম? একেবাৰে ভোলা ভালা চেহেৰা বনাই ক'লো যে, মই অথনিৰে পৰাই চকীখন এনেই লৰাই আছিলো। তাই অহা দেখাই নাছিলো।

মায়ে মোৰ কথা বিশ্বাস কৰিলে। বাচি গ'লো।

অলপ পিছত মোৰ বাইদেউৱে কাণে কাণে সুধিলে, তুমি জানি বুজি চকীখন আতৰাইছিলা হয় নে নাই?

মই মিচিককৈ হাঁহি ক’লো- "অঁ‌!"

তপন নেওগ: -

এবাৰ গৰমবন্ধত চাহবাগানৰ মাজৰ পুখুৰীত সাতুৰি জোক এটা লাগি আহিল যিটো মোৰ কৰঙ্গনত এদিন তেজ খাই থাকিল৷ পিছদিনা কুটকুটাই থাকোতে চাওঁতেহে গম পাইছো৷

সৰুতে মোৰ এটা ডাঙৰ বেমাৰ আছিল- ৰাতি শোওতে বিচনাতে টোপনিতে মূত্ৰবিসৰ্জন৷ কিমান ধূপ জ্বলোৱা কল, পাটিমুতুৰা মাছ কিমান খুৱালে মায়ে, হিচাব নাই ৷ পঞ্চমমানৰ পৰাহে এইবিধৰ পৰা পৰিত্ৰাণ পালোগৈ৷ এইখিনিতে এটা ঘটনা মনত পৰে -
এবাৰ ৰাতি বিচনাতে মূত্ৰ বিসৰ্জন হৈ গ'ল ৷ মায়ে জগাই দিলে বোলো পেন্টটো সলাই আহ৷ ডিম লাইটৰ পোহৰতে উঠি গ'লো পেন্ট সলাবলৈ৷ পেন্টটো খুলি আলনাৰ পৰা অন্য এটা পেন্ট লৈ পিন্ধিছো আৰু তেনেকুৱাতে মোৰ পেন্টৰ ভিতৰত কিবা এটা পাই টেপা মাৰি ধৰি উলিয়াই আনিছো ডাঠ খহটা কিন্তু কোমল ৷ উলিয়াই অনাত বস্তুটোৱে নাচি বাগি দিয়াত থাপকৈ মজিয়ালৈ দলিয়াই পেলাই চিঞঁৰি দিলোঁ ৷ দেউতাই বস্তুটো বিচাৰি উলিয়াই দেখে সেইটো এটা কেকোঁসাপ, (জেঠীটোৰ দৰেই অলপ ডাঙৰ)|

দীঘলীয়াকৈ বন্ধ পালেই ককাৰ ঘৰলৈ যাওঁ৷ বৰদেউতাৰ ল'ৰাটো আৰু মই সমনীয়া দোস্ত৷ এবাৰ পথাৰত আমি দুটা হালোৱাক চাহ দিবলৈ গৈ সৰু পুখুৰী এটা সিঁচাৰ মন মেলিলোঁ৷ লাহনী লৈ পুখুৰী সিঁচি দিলোঁ পানী ৷ মাছ ধেৰ ওলাইছে গৰৈ, কাৱৈ, পুঠি .. এপাকত গৰৈ বুলি বোকাতে থাপ মাৰি ধৰোতে শিঙি এটাই বিন্ধি দিলে৷ বিন্ধি দিলে মানে আঙুলিতে শিঙিয়ে বিন্ধি শিঙি ওলমি দিলে ৷ মই আৰু আইঔ সাপে খালেঔ মৰিলো ঔ.... বুলি বোকা ফালি দৌৰ৷ এপাকত বোকাতে লুটি খাই পৰিলো ৷ শিঙি ক'ৰবাত মানুহ ক'ৰবাত বোকাৰে লুটুৰি পুটুৰি৷












March 31, 2017

গুহেটীৰ চিটিবাছত বেঙেনা

বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........

প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।

আমাৰ বেঙেনাও কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে-  "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।

**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)

By Nip Jyoti for Assamese Jokes (Gajari Dot Com)

ননৰ ভাষাজ্ঞান (Latest Assamese Joke)

নন: ম‍ই কেইবাটাও ভাষা জানো!
আপী: হয় নি? কি কি?
নন: ইংৰাজী/ অসমীয়া/ হিন্দী আৰু আৰবী
আপী: আৰবী? লাইন এটা কোৱা আৰু অৰ্থটো হিন্দীত কোৱাচোন
নন: তমল্লি মা আঁ... ৱেইলা হা তাবা ইদ্দা ফী আলিবি হাৱান/ তমল্লি মৌৱান.... তমল্লি ৱালি উফ অলবি ৱালা বানচাঁ.... তমল্লি ৱা হি ইচনি লো হাট্টা বনো য়্য়াঁ....
আপী: মানে ?
নন: কহো না কহো/ য়ে আখে বোলতি হেই/ অ চনম অ চনম অ মেৰে চনম/ / হাউ, মাৰ্ডাৰ চিনেমাখন চোৱা নাই?

This Assamese Joke has been collected from the best Assamese Jokes Facebook Group GAJARI DOT COM

February 06, 2017

GAJARI DOT COM BOOK RELEASE FUNCTION 1st January 2017


GAJARI DOT COM Book was released on 1st Jan, North East Book Fair






GAJARI DOT COM Book was released on 1st Jan, North East Book Fair 2017. 


There are over 400 unique Assamese Jokes in this book compiled and edited by Santanu Changmai. Most of these jokes have been compiled from Gajari Dot Com Facebook Group contributed by the esteemed members of the family. 

প্ৰায় তিনিশ’ ব্যক্তিয়ে গাজাৰী ডট কম কিতাপ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে| উত্তৰ পূৱ গ্ৰন্থমেলাৰ বাকৰি সিদিনা প্ৰাণখোলা হাঁহিৰে উপচি পৰে| ফেচবুক গোটটিৰ অনেক সদস্য সেইদিনা প্ৰকাশনৰ শান্তনু কৌশিক বৰুৱাৰ সৈতে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে| প্ৰকাশ পোৱাৰ আগৰে পৰাই ফেচবুকৰ অনেক লোকৰ মাজত উত্‍কন্ঠাৰ সৃষ্টি কৰা এই গ্ৰন্থখনে মুক্তি পোৱাৰ পিছৰে পৰাই সমগ্ৰ অসম জুৰি আলোড়নৰ সৃষ্টি কৰে| ইচ্ছুক পাঠকসকলে অসমৰ বিভিন্ন আগশাৰীৰ গ্ৰন্থৰ বিপনী, অনলাইন যোগে অথবা ডাকযোগে ঘৰতে বহি কিতাপখন অৰ্ডাৰ কৰিবলৈ ধৰে| অসমৰ বিভিন্ন স্থানৰ গ্ৰন্থ বিক্ৰেতা সকলৰ মতে কিতাপখনে পাঠকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে আৰু অসমীয়া কৌতুকৰ কিতাপো যে Best Seller হ’ব পাৰে, গাজাৰী ডট কম এখন সুন্দৰ উদাহৰণ| 

কিতাপখন ঘৰতে বহি পাবৰ বাবে আপুনি এই ইমেইলত যোগাযোগ কৰিব পাৰে: avenger.delhi@gmail.com

December 06, 2016

Gajari Book অসমীয়া অনবদ্য কৌতুকৰ সংকলন

#Gajari_Book

Coming Soon


2016 বছৰটো বহুত উত্থান পতনৰ মাজেৰে গ'ল কিন্তু মোৰ বাবে আটাতইকৈ ভাল খবৰটোও এই বছৰটোৱেই আনিলে, #Gajari_Book প্ৰকাশৰ খবৰটো।
-Angkinee Bora

 কমেও চাৰিশ মানুহে হেঁপাহেৰে গঢ়ি তুলিছে এইখন কিতাপ। দোভাগ নিশালৈকে সম্পাদকে সম্পাদনা কৰিছে, কাৰ্টুনিষ্টে কাৰ্টুন আঁ‌কিছে। বুকুত সাবটি ওঁ‌ঠত হাঁ‌হি বোলাই লৈ নিশ্চিন্তে শুব পৰা এইখন কিতাপ। এমাহ বা তাতোকৈও কম সময়ত আপোনাৰ শিতানত থাকিব এইখন কিতাপ। জীৱন নতুন কৰি তুলিব পৰা এখনি কিতাপ।
#Gajari_Book
- S Changmai

মই লেখক-সাংবাদিক জীৱনত শিকা সমস্ত জ্ঞান ব্যৱহাৰ কৰি কিতাপখন চাই দিছো। এখন ভাল কিতাপ ভালকৈ প্ৰকাশ হ'বলৈ ওলাইছে|
-SKB

যিসকলে নিজৰ হাঁহি ধৰি ৰাখিব নোৱাৰি সততে বাগৰি পৰাৰ অভ্যাস আছে সেইসকলে পৰাপক্ষত এই কিতাপখন নপঢ়াই ভাল হব বুলি মই ভাবো। কাৰন পাছত প্ৰকাশকে একো ৰিস্ক নলয় বুলি আমি গোপন সুত্ৰে গম পাইছো। যিসকলে তথাপিও পঢ়িম বুলি মন বান্ধিছে সেইসকলে কিনিব পাৰে।
অতি শীঘ্ৰে প্ৰকাশৰ পথত  #Gajari_Book
-Bidyut Phukan

ফেচবুকৰ অন্যতম জনপ্ৰিয় গোট গাজাৰী ডট কম _ Gajari Dot Com ৰ ফালৰ পৰা প্ৰকাশ পাবলৈ ওলাইছে এখন আটকধুনীয়া সংকলন। বচা বচা মৌলিক আৰু হাঁহিত পেটৰ নাড়ী ডাল ডাল হব লগীয়া গাজাৰে (কৌতুক) পৰিপূৰ্ণ এখন কিতাপ। গতিকে আকৌ এবাৰ প্ৰাণখুলি হাঁহিবলৈ সাজু হওঁক ৰাইজ। ব্যস্ততাপূৰ্ণ এই জীৱনত অকালতে হেৰাই যোৱা হাঁহিবোৰ আকৌ এবাৰ ঘূৰাই আনো আহক। :)

#Gajari_Book

-Nayanjit

আপুনি যদি হাঁহি ভাল পায়, আপুনাৰ ছাল যদি গড়ঁৰ দৰে ডাঠ হয়, আপুনি যদি কমেন্টৰ ভাষা বুজি পায় গাজাৰী ডট কমলৈ আঁহক , বিদ্যাশপত তাৰ পাচত আপোনাৰ ঘৰৰ মানুহে আপুনাৰ হাঁহি দেখি কি ভাবিব নকঁও আৰু|
-Suntu Ranjan

গাজাৰী ডট কম। ফেচবুকত গঢ় লৈ উঠা এটা সৰু কৌতুকপূৰ্ণ গোট। এটা ৰসাল গোট। গোট বুলি নকৈ এটা সৰু সুখী আৰু ৰঙীয়াল পৰিয়াল বুলি ক'ব পাৰি। গাজাৰী পৰিয়ালটোক লৈ মোৰ অনুভৱ এটা আপডেটতে সীমাবদ্ধ কৰি থব নোৱাৰো প্ৰকৃততে।
-ৰিয়ান ৰাগিনী

এসময়ত ফেচবুক হিলাই দিয়া চৰিত্ৰ থুলুকৰ শ্ৰেষ্ঠ কৌতুক কেইটা ধৰি সোণপানী চৰাই আপোনালোকৰ হাতত তুলি দিয়া হ'ব।
গাজাৰীৰ কিতাপখনত পাব কমেও কুৰিটা গেহেৰা থুলুক জুক। 
#gajari_Book
-হীৰক ঘৰফলীয়া

কিতাপৰ খবৰে গমগমাই থকাৰ সময়তে হাঁহি ভালপোৱা আৰু আনক হুহুৱাব পৰা সকলৰ বাবে আহি আছে গাজাৰী ডট কম কিতাপ....................
#gajari_book
- মাধুৰীমা

এখন কিতাপ পঢ়ক আৰু বাগৰি বাগৰি হাঁহক আৰু আনকো হঁহুৱাওক৷যদি আপুনি দুখতো থাকে,এই কিতাপখন পঢ়ি আপুনি যে হাঁহিব সেয়া খাটাং৷
-আশামণি কলিতা বৰা

এখন নতুন কিতাপ আহি আছে। লৰা-বুঢ়া , পুৰুষ - মহিলা, চাকৰিয়াল - অচাকৰিয়াল, নেতা - অনেতা , সকলোকে একেলগে ভাকুট কুটাবলৈ। বছা বছা কৌতুক আৰু ধেমালিৰ মাজেৰে অসমবাসী ৰাইজক হাঁহি বিৰিঙাব সাজু হৈছে গাজাৰী ডট কম, এখন নতুন কিতাপেৰে নতুন বৰ্ষত।কিনিব নাপাহৰিব।
#gajari_book

-সৌগত

"হাঁহক আৰু হঁহুৱঊক"
এখন কিতাপ পঢ়ক আৰু বাগৰি বাগৰি হাঁহক আৰু আনকো হঁহুৱাওক৷যদি আপুনি দুখতো থাকে,এই কিতাপখন পঢ়ি আপুনি যে হাঁহিব সেয়া খাটাং৷
আহি আছে আপোনাৰ ওচৰলৈ
#gajari_book

-অনুলেখা

কিতাপ পঢ়ি ভালপোৱা সকলো লৈ খুৱ এটা ভাল খৱৰ, আৰু কিতাপ পঢ়া ৰ নিচা নথকা সকলোলৈ ও । কাৰন এনে এখন কিতাপ আহি আছে যে যিয়ে নপঢ়ে সিয়েই কিৱা এটা যেন হেৰুৱাব। আজিকালি মানুহে হাঁ‌হিবলৈ ও পাহৰি থাকিলে, উপহাৰ হিচাবে দি চাৱচোন কাৰোবাক, হাঁ‌হি হাঁ‌হি আশিৰ্বাদেৰে ভৰাই দিৱ আপোনাক|
- তৰালী

 হাঁহাৰ আগতেই কিবা এটাত ভালদৰে ধৰি ল'ব।
যাতে হাঁহি হাঁহি বাগৰি নাযায়!
আহি আছে !
#Gajari_Book
-কুলদীপ

আপোনাৰ চিনাকি মানুহবোৰ হৈ পৰিব একো একোটা কৌতুকৰ চৰিত্ৰ ঠিক চান্তা বান্তাৰ দৰেই।হাঁহক আৰু উপহাৰ দি প্ৰিয় জনৰ মুখৰ হাঁহি উপভোগ কৰক।
#Gajari_Book

-বিজয় মহন্ত

অহা এমাহৰ ভিতৰতে আপোনাৰ হাতত পৰিবহি সৰ্বশ্ৰেষ্ঠ অসমীয়া কৌতুকৰ এই সংকলনটি| 
আজিয়েই এই গোটত যোগদান দি আপোনাৰ কিতাপখন বুক কৰক (লগতে নিতৌ পঢ়িবলৈ পাব- নতুন নতুন কৌতুক): https://www.facebook.com/groups/gajaridotcom/

September 30, 2016

তালিকৰ ঘৰুৱা দিহা

ঘৰুৱা দিহাঃ-

১) ঘৰত নিগনি ওলালে কি কৰিব?

- এদিন দেওবাৰে আপুনি ভগা হেতা আৰু থাল এখন লৈ মজিয়াত বহি যাব। তাৰ পাছত ফোনটো হাতত লৈ এঘণ্টামান কাৰোবাৰ লগত মিহি মিহি কথা পাতিব, যেতিয়ালৈকে সিজনাই নকয়- তোমাৰ মাতটো ইমান মিঠা, গান গালে বৰ ভাল লাগিব।

তাৰ পাছত আপুনি থালখনত হেতাৰে মৰিয়াই মৃদু সংগীত উৎপন্ন কৰি মধুৰ কণ্ঠেৰে গীত গোৱা আৰম্ভ কৰক। আপোনাৰ গীত শুনি নিগনি বিলাক গাতৰ পৰা ওলাই আহি নৃত্য কৰা আৰম্ভ কৰিব।

সিহঁতৰ ভাগৰ লগালৈকে নচুৱাই থাকক। এসময়ত নিগনিবোৰ ভাগৰি মাটিত ঢলি পৰিব। আৰু আপুনি এটা এটাকৈ উঠাই পলিথিন এটা ভৰাই, টানকৈ গাঁঠি মাৰি ডাষ্টবিনত পেলাই দিয়ক।

২) বেছিকে মহ ওলালে কি কৰিব?

- আঠুৱাত ফুটা থাকিলে সেই ফুটাৰে মহ সোমাই আপোনাক বৰ কামুৰিব পাৰে। তেতিয়া আপুনি এটা কাম কৰিব। ফুটাটোৰ বিপৰীত ফালে আঠুৱাখনত আৰু এটা ফুটা কৰি দিব, আৰু দুইটা ফুটাৰ মাজত এডাল পাইপ লগাই দিব। মহ এটা ফুটাৰে সোমাব আৰু পাইপৰ মাজেৰে গৈ ইটো ফুটাৰে বাহিৰ হৈ যাব।

- এইটো উপায়ে কাম নকৰিলে আৰু এটা বুধি কৰিব পাৰে। আঠুৱাখন এফালে অলপ ডাঙি কিছু দেৰি বহি থাকিব।
"সিন্ধি খুজি ফুৰন্তে দুৱাৰে পাইলো পথ" বুলি মহবোৰ হো- হোৱাই আপোনাৰ আঠুৱাৰ ভিতৰলে সোমাব। কিছুদেৰিৰ মুৰত যেতিয়া সকলো মহ আঠুৱাৰ ভিতৰত সোমাব, আপুনি পতকৈ আঠুৱাখনৰ তলফালে গাঁঠি এটা মাৰি বাহিৰত শুই থাকিব। আঠুৱাৰ ভিতৰত মহবোৰ খাবলৈ নেপায় এনেই মৰি যাব। (by Abhijit Kalita. Do not copy without permission)

৩) মাখিৰ উৎপাত কিদৰে ৰোধিব?

- এটা বাতিত চূন আৰু নিমখ মিহলাই পাকঘৰত থৈ দিয়ক। মাখিয়ে সেইটোক মিঠাই বুলি খাই দিব আৰু লগে লগে নিমখৰ কোবত পিয়াহত ৰব নোৱাৰা হব। সি পানী খাবলৈ পুখুৰী বা কুৱাৰ ওচৰলে গ'লেই আপুনি তাক গতা মাৰি পানীত পেলাই দিয়ক। তাৰ পাখি কেইখন তিতি যাব আৰু তাকে শুকুৱাবলৈ সি জুইৰ ওচৰলৈ যাব। সেই সুযুগতে আপুনি জুইত এটা গ্ৰেনেড দলিয়াই দিয়ক। গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হৈ মাখি হস্পিটেলত পৰি থাকিব। আৰু সেইদিনা ৰাতি আপুনি মনে মনে গৈ তাৰ অক্সিজেনৰ পাইপডাল খুলি দিব। মাখি নমৰিলে পইচা ৱাপচ।

৪) পইতাচোৰা কেনেদৰে নিয়ন্ত্ৰণ কৰিব?

- নোৱাৰে, আৰু পাৰিলেও নকৰিব। সেইটোৱেই একমাত্ৰ বস্তু যিটোলৈ আপোনাৰ পত্নীয়ে ভয় কৰে।

Abhijit kalita